ভোগালী বিহুৰ আগে আগে প্ৰচাৰ হোৱা ‘বিছ্লেৰি’ ক’ম্পেনিৰ এটা বিজ্ঞাপনত এগৰাকী অসমীয়া অভিনেত্ৰীয়ে “বিছ্লেৰি পৰিয়ালৰ তৰফৰ পৰা অসমবাসীক ভোগালী বিহুৰ ওলগ আৰু সেৱা জনোৱাৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ” বুলি এক সংলাপ কৈছিল। মাঘ বিহুতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ বাবে ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকী সমালোচনাৰ সন্মুখীন হ’ব লগা হয়।পাছত অৱশ্যে বিজ্ঞাপনটোত সংলাপটোৰ শুধৰণি কৰে আৰু অভিনেত্ৰীগৰাকীয়েও ভুলবশতঃ মুখৰ পৰা ‘অসমীয়া নৱবৰ্ষ’ ওলাই যায় বুলি স্পষ্টীকৰণ দিয়ে। যি কি নহওক, এটা কথা সত্য যে আমাৰ উঠি অহা প্ৰজন্মৰ ভিতৰৰ গৰিষ্ঠ সংখ্যকৰে আমাৰ নিজৰ ভাষা, কৃষ্টি, সংস্কৃতি, আচাৰ, পৰম্পৰা আদিৰ সম্পৰ্কে স্পষ্ট ধাৰণা নাই।দেশ-বিদেশৰ কথা সলসলীয়াকৈ জনা, বিদ্যায়তনিক দিশত মেধাৰ পৰিচয় দিয়া বহু ছাত্ৰ-ছাত্ৰীয়ো নিজা কৃষ্টি-সংস্কৃতিৰ বিষয়ে অজ্ঞ। শ্বেইক্সপীয়েৰ, আলেকজেণ্ডাৰ, নেপ’লিয়ন ব’নাপাৰ্টে, পল ৰব্ছন, মাইকেল জেক্ছন অথবা জাষ্টিন বিবাৰক ভালদৰে জানে যদিও শংকৰ, মাধৱ, জ্যোতি, বিষ্ণু, লক্ষ্মীনাথ বেজবৰুৱা, কৃষ্ণকান্ত সন্দিকৈ আদি কাকো নিচিনে। লাচিত বৰফুকন, কুশল কোঁৱৰ, পিয়লি ফুকন, কনকলতা, মণিৰাম দেৱান আদি কাৰোৰে বিষয়ে বিশেষ একো নাজানে। ভাষাৰ ক্ষেত্ৰতো দেখা যায় যে দুই-তিনিটা ইংৰাজী বা হিন্দী শব্দৰ সহায় নহ’লে তেওঁলোকে এটাও অসমীয়া বাক্য ক’ব নোৱাৰে।নিজক নিচিনা এনে এচাম উত্তৰসূৰীৰ হাতত অসমীয়া জাতিৰ অস্তিত্ব এনেও সুৰক্ষিত নহয়। এনে এটা অৱস্থা সৃষ্টি হোৱাৰ মূলতেনো কি কাৰকে ক্ৰিয়া কৰিছে, এই কথা চালি-জাৰি চালে দেখা যায় যে আজি-কালি অতিকে দৰিদ্ৰ পৰিয়ালকেইটাৰ বাহিৰে বেছিভাগ পিতৃ-মাতৃয়েই নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ত পঢ়াব নোখোজে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ভিতৰতো ‘ছেবা’-ৰ অধীনৰ বিদ্যালয়তকৈ আই.চি.এছ.ই. আৰু বিশেষকৈ চি.বি.এছ.ই.-ৰ অধীনৰ বিদ্যালয়সমূহ গৰিষ্ঠ সংখ্যক পিতৃ-মাতৃৰে প্ৰথম পছন্দ। আনহাতে, এই পিতৃ-মাতৃসকলকো আমি চৰকাৰী বিদ্যালয়ত সন্তানক নপঢ়োৱাৰ বাবে দোষাৰোপ কৰিব নোৱাৰোঁ। কাৰণ, বৰ্তমান সময়ত চৰকাৰী শিক্ষাব্যৱস্থাৰ ফোঁপোলা স্বৰূপৰ বিষয়ে কোনো অবিদিত নহয়। ধনী, দুখীয়া, শিক্ষিত, অশিক্ষিত নিৰ্বিশেষে সকলো পিতৃ-মাতৃয়েই সন্তানক সুশিক্ষাৰে শিক্ষিত কৰিব বিচাৰে।বৰ্তমানৰ দিল্লী চৰকাৰৰ দৰে অসম চৰকাৰেও যদি শিক্ষাব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধি চৰকাৰী বিদ্যালয়সমূহকো অভিজাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ স্তৰলৈ উন্নীত কৰিবলৈ সক্ষম হয়, তেন্তে নিশ্চয়কৈ চৰকাৰী বিদ্যালয়ত পঢ়ুৱাবলৈ পিতৃ-মাতৃসকল আগ্ৰহী হ’লহেঁতেন। কিন্তু আমাৰ সেই আশা সুদূৰপৰাহত। গতিকে ইংৰাজী মাধ্যমত চি.বি.এছ.ই. নাইবা আই.চি.এছ.ই. পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰি যোৱা এই প্ৰজন্মক তেওঁলোকৰ আত্মপৰিচয়ৰ প্ৰতি আগ্ৰহহীনতাৰ বাবে আমি দোষাৰোপো কৰিব নোৱাৰোঁ। কাৰণ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ এইসমূহ পাঠ্যক্ৰমত ছাত্ৰ-ছাত্ৰীয়ে থলুৱা জ্ঞান আহৰণ কৰাৰ এনে কোনো সুযোগ নাই, য’ৰ পৰা তেওঁলোকৰ মনত জাতীয় চেতনা প্ৰোথিত হ’ব।আনহাতে, আমি পিতৃ-মাতৃসকলেও ঘৰত এনে কোনো চেষ্টা নকৰোঁ, যাৰ দ্বাৰা তেওঁলোকৰ মনত এনে চেতনা জাগ্ৰত হয়।ল’ৰা-ছোৱালীয়ে পাঠ্যক্ৰমৰ বাহিৰৰ কিতাপ পঢ়িলে আমি সময় নষ্ট কৰা যেন পাওঁ।নম্বৰৰ দৌৰত পিছ পৰি ৰোৱাৰ ভয়ত তেওঁলোকক পাঠ্যক্ৰমৰ কিতাপৰ বাহিৰে আন কিতাপ চুবলৈ দিবলৈকো টান পাওঁ।অসমীয়া বিষয়টো টান পাই বুলি ক’বলৈ আমি গৌৰৱবোধ কৰোঁ।ফলস্বৰূপে আমি সৃষ্টি কৰিছোঁ এচাম আত্মপৰিচয়ৰ প্ৰতি অসচেতন, জাতীয় চেতনাহীন ল’ৰা-ছোৱালীৰ, যিসকলৰ নিজৰ জাতি, ভাষা, সংস্কৃতি, বুৰঞ্জী আদি কোনো বিষয়ৰে সঠিক জ্ঞান নাই। এই ক্ষেত্ৰত অৱশ্যে আমাৰ পৰিৱৰ্তিত জীৱনচৰ্যাৰ প্ৰভাৱো নুই কৰিব নোৱাৰি। আজিৰ পৰা বিছ-ত্ৰিছ বছৰৰ আগৰ জীৱনশৈলী আৰু বৰ্তমানৰ জীৱনশৈলীৰ মাজত আকাশ-পাতাল পাৰ্থক্য। যি শিশুৱে সৰুৰে পৰা কোনো দিনেই গৰুবিহুৰ দিনা গৰুৰ গা ধুওৱা দেখা নাই, মাঘ বিহুত মেজি জ্বলোৱা দেখা নাই, তেনে শিশুৱে এই উৎসৱসমূহৰ সৈতে সংপৃক্ত হৈ থকা আচাৰ-আচৰণ আদি জনাটো কিদৰে সম্ভৱ৷ এনে অৱস্থাত ভৱিষ্যৎ প্ৰজন্মক স্বাভিমানসম্পন্ন কৰি গঢ়ি তুলিবলৈ হ’লে আমি এক আন্দোলন আৰম্ভ কৰিব লাগিব আৰু এই আন্দোলন আৰম্ভ হ’ব লাগিব ঘৰখনৰ পৰাই।নিজৰ সন্তানসকলক শিশু অৱস্থাৰে পৰাই ঘৰখনতে কথা-বতৰাৰ মাজেৰে, কিতাপ-পত্ৰ আদিৰ জৰিয়তে অথবা আন যিকোনো উপায়েৰে এই বিষয়সমূহৰ শিক্ষা দিবলৈ চেষ্টা কৰাৰ লগতে নিজৰ ভাষাটো সলসলীয়াকৈ লিখিবলৈ আৰু পঢ়িবলৈ শিকোৱাটো পিতৃ-মাতৃসকলে অন্যতম কৰ্তব্য হিচাপে লোৱা উচিত। তাৰ বাবে শিশুহঁতক সৰুৰে পৰা শিশু-উপযোগী অসমীয়া কিতাপ, আলোচনী, বাতৰি কাকতৰ শিশুপৃষ্ঠাসমূহ পঢ়িবলৈ উৎসাহিত কৰাটো আমাৰ অৱশ্যকৰ্তব্য৷ আমাৰ লেখকসকলকো মই আহ্বান জনাইছোঁ, তেখেতসকলে যেন শিশুসাহিত্যতো মনোযোগ দি শিশুৰ মনত জাতীয় চেতনা জাগ্ৰত কৰিব পৰা প্ৰচুৰ সাহিত্য সৃষ্টি কৰে, যিসমূহৰ অধ্যয়নৰ জৰিয়তে ভৱিষ্যতে এচাম আত্মপৰিচয়ৰ প্ৰতি সচেতন, জাতীয়চেতনাম্পন্ন প্ৰজন্ম গঢ় লৈ উঠে।
-ৰঞ্জুমণি মহন্ত
২৪.০১.২০২০