Type Here to Get Search Results !

'কা' বিৰোধী আন্দোলন আৰু কিছু প্ৰাসংগিক চিন্তা

0

'কা' বিৰোধী আন্দোলন আৰু কিছু প্ৰাসংগিক চিন্তা
                             ৰঞ্জুমণি মহন্ত


স্নেপশ্বট-

ৰাজপথত যুৱকৰ দল এটাই টায়াৰ জ্বলাই পথ অৱৰোধ কৰিছে৷ বিভিন্ন শ্লগানেৰে উত্তাল হৈ আছে পৰিৱেশ৷ বিপৰীত দিশৰ পৰা স্কুটি চলাই আহিছে এগৰাকী যুৱতী৷ প্ৰতিবাদ থলীৰ ওচৰ পাই যুৱতীগৰাকীয়ে উপৰ্যুপৰি স্কুটিৰ হৰ্ণ দিয়াৰ লগতে বেপৰোৱা ভংগীৰে প্ৰতিবাদকাৰীসকলক কৈছে- ডিউটি আছে যাবলৈ দিয়ক৷ কণ্ঠত সামান্যতমো অনুৰোধৰ ৰেশ নাই৷আন্দোলনকাৰীসকলৰ প্ৰতি কণমানো সৌজন্যতা প্ৰদৰ্শণ কৰাৰ কোনো প্ৰয়োজনবোধ নাই যুৱতীয়ে৷ অৱধাৰিতভাৱেই প্ৰতিবাদকাৰীসকলৰ সৈতে খণ্ডযুদ্ধ আৰু এক অবাঞ্চিত পৰিস্থিতি৷
       ঠিক কিছু সময়ৰ পাছতে সেই একে পথেৰে দুজন যুৱক অহিল বাইকেৰে৷ মুখামুখি হল পথ অৱৰোধ কৰা প্ৰতিবাদকাৰীসকলৰ৷ তেওঁলোকক দেখাৰ লগে লগে যুৱক দুজন দূৰতে বাইকৰ পৰা নামিল৷ কিছুপৰ তেওঁলোকৰ লগত সহযোগিতা কৰি পুনৰ গন্তব্যস্থানলৈ বুলি গুচি গল কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ৷প্ৰতিবাদকাৰীসকলৰ কোনেও তেওঁলোকক বাধা প্ৰদান নকৰিলে৷  

স্নেপশ্বট-

বৰযাত্ৰীৰ দল এটা কইনাৰ ঘৰলৈ গৈ আছে৷ বাটতে আন্দোলনকাৰীৰে ভেটাভেটি৷ গাড়ী ৰাখি সকলো বৰযাত্ৰীক অপদস্থ কৰিয়েই ক্ষান্ত নাথাকি দৰা যোৱা গাড়ীখনৰ বাহিৰে বাকীসকলক যাবলৈ বাধা প্ৰদান৷ ৰাতিখন মাজ ৰাষ্টাত ভোকে-পিঁয়াহে কেঁচুৱাৰে পৰা বৃদ্ধলৈকে সকলো যাত্ৰীৰে নাজল-নাথল অৱস্থা৷ ভাগ্যে যেনিবা সেনাবাহিনীৰ লোকে ঘটনাটো জানিব পাৰি ওচৰতে থকা তেওঁলোকৰ ছাউনীত আশ্ৰয় দিয়াৰ খোৱা-বোৱাৰ ব্যৱস্থা কৰি দিয়াতহে ৰক্ষা৷

         কেউটা আছিল কেব(CAB)গৃহীত হোৱাৰ আগৰেপৰা কা(CAA) হোৱাৰ পাছতো বৰ্তমানেও ৰাজ্যজুৰি চলি থকা আন্দোলনটোৰ মাজৰ কেইটামান দৃশ্যপট৷ প্ৰথমটো দৃশ্যত যুৱতীগৰাকীয়ে যদি পোনচাটেই বেপৰোৱা মনোভাৱ নলৈ আন্দোলনটোৰ প্ৰতি তেওঁৰ সমৰ্থন প্ৰদৰ্শন কৰি(যদি সমৰ্থন কৰে)আন্দোলনকাৰী যুৱকসকলৰ প্ৰতি যদি সামান্যতমো সৌজন্যতা প্ৰদৰ্শন কৰিলেহেতেন, তেন্তে হয়তো কোনোধৰনৰ অবাঞ্চিত পৰিস্থিতিৰ সৃ্ষ্টিয়েই নহলহেতেন৷ কোনো দুষ্কৃতিকাৰীক আমি্য়ো প্ৰশ্ৰয় নিদিওঁ৷ কিন্তু কোনো ধৰণৰ হিংসাত্মক কাৰ্যপন্থা নোলোৱাকৈ জাতিৰ স্বাৰ্থত ৰাজপথলৈ ওলাই অহা আমাৰেই লৰাহঁতক তুচ্ছ-তাচ্ছিল্য কৰি অৱমাননা কৰা উচিত নহয়৷ অন্ততঃ সিমানকণ সন্মান তেওঁলোকৰ নিশ্চয়কৈ প্ৰাপ্য৷

  এতিয়া আহোঁ দ্বিতীয়টো ঘটনালৈ৷ এনেবোৰ ঘটনা আন্দোলনটোৰ বাবে মুঠেই মংগলজনক নহয়৷ এখন বিয়া এদিনীয়া কথা নহয়৷ কেইবা মাহযোৰা প্ৰস্তুতি, দুটা পৰিয়ালৰ বহু আশা-আকাংক্ষা, আৱেগ-অনুভূতি আৰু বৃহৎ পৰিমাণৰ অৰ্থ-কড়িৰ কথা ইয়াত জড়িত হৈ থাকে৷ এই কথাবোৰ আন্দোলনকাৰীসকলে মনত ৰখা ভাল৷ নহলে ফিৰিঙতিৰ পৰাই খাণ্ডৱ দাহ হোৱাৰ দৰে এই ধৰণৰ ঘটনাৰ ফলত সৰ্বসাধাৰণ মানুহৰ মনত সৃষ্টি হোৱা তিক্ততাই লাহে লাহে আন্দোলনটোত কুপ্ৰভাৱ পেলাব৷ অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে চলাই থকা এই আন্দোলনটোত যাতে কোনো অসমীয়াই জীয়াতু ভুগিব লগা নহয়, তাৰ বাবেও আন্দোলনকাৰীসকল সচেষ্ট হোৱা প্ৰয়োজন৷ নহলে আন্দোলনটোক কুপথে পৰিচালিত কৰিবলৈ অহৰহ চেষ্টা চলাই থকা অপশক্তি কিছুমানে ইয়াৰ সুবিধা গ্ৰহন কৰি সাধাৰণ মানুহক অন্দোলনটোৰ বিপক্ষে প্ৰৰোচিত কৰিব৷ 

    আজি অসমীয়াই পুনৰ যি সংগ্ৰাম আৰম্ভ কৰিব লগা হ, এই সংগ্ৰাম যে দীঘলীয়া হ, সেয়া ধূৰুপ৷ দীৰ্ঘ সময়ৰ বাবে চলাই নিব লগীয়া এই আন্দোলনটোলৈ সৰ্বসাধাৰণ ৰাইজ ওলাই অহাটো যথেষ্ট আশাব্যঞ্জক কথা৷ এই গণশক্তিক সঠিক দিশত পৰিচালিত কৰাৰ প্ৰয়োজন আছিল৷ কিন্তু শেহতীয়াকৈ আন্দোলনটোৰ নেতৃত্বক লৈ এক খোৱা-কামোৰাৰ ৰাজনীতি দেখিবলৈ পোৱা গৈছে৷ সকলো 'কাবিৰোধী দল সংগঠন একেলগ হোৱাৰ পৰিৱৰ্তে বহুধা বিভক্ত হৈ পৰিছে৷ জাতিৰ  স্বাৰ্থৰ নামত ব্যক্তিগত লাভালাভৰ অংক কৰাত সকলো মত্ত হৈ পৰিছে৷ নতুন ৰাজনৈতিক দল গঠনৰ কুচ-কাৱাজ চলি থকাৰ প্ৰাক্‌ মূহুৰ্তত আন্দোলনৰ ক্ৰেডিট যাতে  নিজৰ পৰা আনলৈ নাযায়, তাৰ বাবে বোকা চটিওৱাৰ খেল আৰম্ভ হৈ গৈছে৷ এই সুযোগৰ সৎ ব্যৱহাৰ কৰি ডিভাইদ এণ্ড ৰুলত বিশ্বাসী শাসকপক্ষই টোপৰ ৰাজনীতি কৰি আন্দোলনটোৰ কঁকাল ভাঙি পেলাবলৈ যে চেষ্টা কৰিব সেয়া নিশ্চিত৷ গতিকে সময় থাকোঁতেই সকলো 'কা' বিৰোধী দল-সংগঠন একেলগ হৈ, নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পৰিহাৰ কৰি, এই বৃহৎ গণআন্দোলনটো সঠিক দিশত আগবঢ়াই লৈ যাবলৈ চেষ্টা নকৰিলে, সকলো যে ফুটুকাৰ ফেন হব সেয়া নিৰ্ঘাত৷
                                                                                                                                  ২০/১২/২০১৯
  
('অন্যযুগ'-ৰ জানুৱাৰি সংখ্যাত প্ৰকাশিত)

Post a Comment

0 Comments