✍॥ ৰঞ্জুমণি মহন্ত ॥
এটা পৰুৱাই পোৱা সপোনে
হাতত সাৰে ভৰিত সাৰে আহি
মোৰ দুৱাৰত টুকুৰিয়াইছিল ।
অবাক বিস্ময়ত
মই খুলি দিছিলো
মোৰ বন্ধ দুৱাৰ ।
মোৰ আন্ধাৰ কোঠালিত
সি জোন হৈ জ্বলিছিল,
তৰা হৈ নাচিছিল -
মই মুগ্ধ হৈ চাই আছিলো ।
কি জানো সুৰ এটা
সি গুণগুণাইছিল !
মই উন্মনা হৈ পৰিছিলো ;
মোক সন্মোহিত কৰি
সি গুচি গৈছিল
পুৱতি তৰাৰ সতে ।
এতিয়া, মোৰ কোঠালিলৈ
তাৰ সঘন আহ-যাহ ।
শূন্যতাৰ সংগী সি,
মোৰ বিশ্বস্ত সহচৰ।
তাৰ সান্নিধ্যৰ উমেৰে
উজ্জীৱিত হৈ ,
আকৌ এবাৰ
চাকি চাব খোজো স্বাদ
- জীৱনৰ ।
এটা পৰুৱাই পোৱা সপোনে
হাতত সাৰে ভৰিত সাৰে আহি
মোৰ দুৱাৰত টুকুৰিয়াইছিল ।
অবাক বিস্ময়ত
মই খুলি দিছিলো
মোৰ বন্ধ দুৱাৰ ।
মোৰ আন্ধাৰ কোঠালিত
সি জোন হৈ জ্বলিছিল,
তৰা হৈ নাচিছিল -
মই মুগ্ধ হৈ চাই আছিলো ।
কি জানো সুৰ এটা
সি গুণগুণাইছিল !
মই উন্মনা হৈ পৰিছিলো ;
মোক সন্মোহিত কৰি
সি গুচি গৈছিল
পুৱতি তৰাৰ সতে ।
এতিয়া, মোৰ কোঠালিলৈ
তাৰ সঘন আহ-যাহ ।
শূন্যতাৰ সংগী সি,
মোৰ বিশ্বস্ত সহচৰ।
তাৰ সান্নিধ্যৰ উমেৰে
উজ্জীৱিত হৈ ,
আকৌ এবাৰ
চাকি চাব খোজো স্বাদ
- জীৱনৰ ।