Type Here to Get Search Results !

॥ শৰৎ ॥

0
                              ✍ ৰঞ্জুমণি মহন্ত
নিয়ঁৰসনা দুবৰিত
দুভৰি তিয়াই 
শৰৎ আহিলেই
আঁতৰাই থওঁ দুখৰ ওৰণি ।

শেৱালিৰ সুবাস সনা
সন্ধিয়াবোৰত,
উশাহত উজাই লওঁ
শৈশৱৰ গোন্ধ ।

গেঁৰ দিয়া ধানৰ
গাখীৰতী থোকত
হেৰাই পাওঁ,
মোৰ দেউতাৰ সপোন

ঘূৰাই পাওঁ,
কোনোবা কেঁকুৰিত
এৰি থৈ অহা
জীৱনৰ ৰং ।

কঁহুৱা ফুলিলেই
আকাশলৈ চাওঁ ।
আকাশৰ ৰঙেইতো
মোৰো জীৱনৰ ৰং ।
---------------------

Post a Comment

0 Comments