Type Here to Get Search Results !

0
॥দুখৰ মালিতা ॥

মোৰ বুকুৰ চাপৰিত
দুখৰ কঁহুৱা ।
আহাঁ যদি আহিবা এদিন ।

অনুভৱৰ নৈয়েদি
উজাই আহি
সহৃদয়তাৰ ঘাটতে ,
নাওখন চপাবা।

বেদনাৰ বালিচৰত ,
মুখ গুজি কান্দি
মই কুৰুৱা চৰাই হৈ থাকিম,
তুমি হুৰাই নিদিবা।

মোৰ বুকুৰ চাপৰিত
দুখৰ কঁহুৱা বৰকৈ ফুলিছে
আহা যদি আহিবা এদিন ।

 -------- ৰন্জুমণি মহন্ত                      
           04.12.2015�

Post a Comment

0 Comments