Type Here to Get Search Results !

0
  ॥অনুভৱৰ ভগ্নাংশ ॥
                 ✍.ৰঞ্জুমণি মহন্ত ।

           (১)

স্বপ্নভংগৰ অৱসাদত
নিস্তৰংগ সময় ।
পাশা খেলত যেন
কোনো নিপুণ খেলুৱৈৰ সতে 
এক লজ্জাকৰ পৰাজয় ।

          (২)

শূন্যতাৰ তামীঘৰাত
চূৰ্ণীকৃত হৃদয়ৰ চিৎকাৰ
স্তব্ধ সময় ,
কলিজাত
মৃত অনুভৱৰ সৎকাৰ ।

           (৩)

মৌনতাৰ নিৰ্জনতাত
সোঁৱৰণিৰ সমদল ।
হৃত অতীতত
অহৰহ খেপিয়াওঁ
স্মৃতিৰ শতদল।

Post a Comment

0 Comments