Type Here to Get Search Results !

0
।। *শব্দ আৰু তাই...*।।

তাই শব্দবোৰ বৰ ভাল পায়,
শব্দৰ সতে ওমলি জামলি
নাজানোঁ তাই কি কথা পাতে......

কিন্তু জানো এটা কথা ।
শব্দই তাইৰ দু আঙুলিৰ পৰশ পালে উত্ৰাৱল হৈ নাচে ।

ভিতৰ খনত তাই
এসোপা সানমিহলি
অনুভৱ লৈ ফুৰে অনবৰতে আৰু
খুচুৰা বেপাৰীৰ দৰে অকণ অকণ
অনুভৱ শব্দৰ সৈতে গোঁঠি
বহুতৰ মনত তাই অনুৰণণ
তুলি যায়......... ।

একান্ততা তাই সেয়ে বহু ভালপায় ।
শব্দৰ সতেই কেৱল কথা পাতি যায় ।

তাইৰ এই যাত্ৰা অসীম হওক ।
শব্দৰেই তাই মাথোঁ
দি যাওক জীৱনৰ মহীয়ান বাৰ্তা ।।


দেৱজিৎ ভৰালী ।
২ নৱেম্বৰ ২০১৬


এটি উপহাৰ । 😊

Post a Comment

0 Comments