Type Here to Get Search Results !

॥পৰিব্ৰাজক॥

3
 ॥পৰিব্ৰাজক॥

          ✍ ৰঞ্জুমণি মহন্ত ।

মই এক পৰিভ্ৰমী চৰাই ,
হৃদয়ৰ পৰা হৃদয়লৈ
মোৰ সহজ পৰিভ্ৰমণ।

গভীৰ উজাগৰী ৰাতি
ক'ৰ পৰা ভাহি আহে
ভায়োলিনৰ সুৰ ?
মোহাবিষ্ট হওঁ ,
সেই সুৰৰ কাৰুণ্যত ।
ভোল যাওঁ , মই ভোল যাওঁ
সেই মায়াবী সুৰত।

সুৰৰ জলঙাৰে খেপিয়াই চাওঁ
সেই গোলাপী হৃদয় ।
একাত্মতাৰে খন্তেক জিৰাই
পুনৰ ওলাওঁ
মই যে এক পৰিভ্ৰমী চৰাই ,
জিৰোৱাৰ নাই অভিপ্ৰায় ।

কেতিয়াবা মুগ্ধ হওঁ ,
মুগ্ধ হওঁ কোনো সৰলতাত
আৰু সাজি লওঁ
এক অস্হায়ী ঠিকনা
সেই সৰল ছায়াঁত ।

মোহাচ্ছন্ন হওঁ
মোহাচ্ছন্ন হওঁ তেওঁৰ সমৰ্পনত,
তথাপি কোনো বান্ধোন
মোৰ কাম্য নহয় ।

হওক লাগিলে
মোৰ সোঁভৰিৰ বৃদ্ধাঙ্গুষ্ঠত
তেওঁৰ সৰ্বস্ব সমৰ্পিত।
কিন্তু অন্তহীন মোৰ তৃষা।
কোনো হৃদয়তে নাই
মোৰ শেষ ঠিকনা !
কাৰণ মই যে এক পৰিভ্ৰমী চৰাই ।

       ----------------------

Post a Comment

3 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.