Type Here to Get Search Results !

0
 ॥নাৰী ॥
                  ✍ ৰঞ্জুমণি মহন্ত ।

সহনশীলতাৰ কঠিন বৰ্ম পিন্ধি
মৃত্যুৰ দুৱাৰদলিত ভৰি থৈ 
স্বাগতম জনাওঁ তোমাক ।
জীৱন-মৰণৰ সন্ধিক্ষণত
পৃথিৱীলৈ আগমন তোমাৰ।

সৌন্দৰ্য্যৰ অৱক্ষয়ত প্ৰতিপালিত
তোমাৰ আঁহে পাঁহে লাগি থকা
মোৰ ক্ষয়িষ্ণুতাৰ শোক গাঁথা
ঢাকি ৰাখো মমতাৰ অহংকাৰেৰে।

ভগ্নীত্বৰ আঁচলৰ স্নেহবন্ধনত
সুশোভিত তোমাৰ হাত ।

যৌৱনত মই তোমাৰ প্ৰেয়সী ।
তোমাৰ সমস্ত ৰিক্ততা, বিষণ্ণতা
আৰু নিঃসংগতাৰ
মই সংগী

ময়েই মাতৃ , ময়েই ভগ্নী,
ময়েই প্ৰেয়সী অথবা পত্নী ।

নেলাগে অৰ্ধাকাশ
এখন মুক্তাকাশ দিয়া
ভীতিহীন, নিঃসংকোচ
সহজ বিচৰণ
মোৰ চিৰকাম্য  ।


Post a Comment

0 Comments