Type Here to Get Search Results !

॥সুহৃদ॥

0
॥সুহৃদ॥
             ✍ ॥ ৰঞ্জুমণি মহন্ত ॥

নৈখনৰ বুকুত
বুকু থৈ এবাৰ 
কান্দিব পৰা হ'লে,
হয়তোবা
শাতঁ পৰিলহেঁতেন
মোৰ নিদাঘ বুকুৰ
সমস্ত উত্তাপ ,
নিকা হ'লহেঁতেন 
তৰপে-তৰপে
দুখৰ চামনিত
পোত যোৱা মোৰ
শতছিন্ন কলিজা ,
ধুই নিলেহেঁতেন
আহত হিয়াত
কাঁইটৰ খোঁচত
বিৰিঙি উঠা
তেজৰ চেঁকুৰা,
মিলি গল হেঁতেন
নৈৰ সোঁতত
অশ্ৰুপ্ৰবাহৰ সতে
মোৰ চিৰবিষন্ন
ব্যথিত হৃদয় ।

Post a Comment

0 Comments