Type Here to Get Search Results !

মানবতাৰ মৃত্যুত

0
॥ মানবতাৰ মৃত্যুত ॥

চহৰ খনৰ ব্যস্ত চাৰিআলিটোৰ
পদপথতেই তাইৰ সুখৰ নীড়
জাৰে জহে, ৰদে বৰষুনে
পোহৰে আন্ধাৰে তাইৰ
বিশ্বস্ত আশ্ৰয় ।

সঁচাই সুখী তাই , বৰ সুখী ।
তাই যে সুখৰ পৃথিৱীৰ বাসিন্দা !
চুব নোৱাৰে আৰু কোনো দুখে ।
আন্ধাৰ ৰাতি ৰাজপথত ৰৈ
তাই বিৰবিৰায়
-জোনটোনো তাত ওলমাই কোনে

ষোড়শীতো নহয় আৰু তাই,
অন্তহীন শৈশৱত তাইৰ অবাধ বিচৰণ
দেও দি দি জপিয়াই
পখিলা খেদাৰ মন
"কপৌ কু কু" - .........
দৌৰ মাৰি নামি যায় তাই ব্যস্ত ৰাজপথলৈ
ঘিলা খেলা হোৱা নাই বহু দিন......

এদিন হাঁহিছিল তাই,
নিজৰ পেটটো
তাইৰ বেলুন বেলুন লাগিছিল
বেলুন যে তাই কিমান ভালপায়!
পিন্ধি থকা চোলাটোৰ বুটামবোৰ খুলি
তাই বেলুনৰ সতে খেলিছিল।
সেইদিনা পদপথেৰে
পাৰ হৈ যোৱা মানুহবোৰৰ
আশ্চৰ্যচকিত দৃষ্টি আছিল
তাইৰ স্ফীট হৈ পৰা পেটত ।

পেট ? আঃ তাইৰ পেট !
যন্ত্ৰনাত বাগৰি দিছিল  তাই পদপথত।
তাইৰ আৰ্তনাদত সেইদিনা
সময়বোৰ হৈ পৰিছিল স্হবিৰ
জোনটোৱে লাজত মুখ লুকাইছিল
আকাশখন হৈছিল ক্ৰন্দসী, আৰু ....
আৰু পদপথত পুনৰবাৰ
অপমৃত্যু হৈছিল মানবতাৰ।

পিছদিনা মানুহ বোৰে
তাইলৈ চাই মুখ কোচাইছিল
আৰু কোৱা কুই কৰিছিল
"পাগলী মাক হল"

(এটা সঁচা ঘটনাৰ আলমত)

-----  ৰন্জুমণি মহন্ত
        15.01.2016





Post a Comment

0 Comments