॥ অনুভৱৰ ভগ্নাংশ ॥
॥ ৰঞ্জুমণি মহন্ত ॥
(১)
তুমি গলাগৈ,
যিহেতু তুমি যাম বুলি
ভাবিয়েই আছিলা ।
এতিয়া মোৰ অনুভৱে অনুভৱে
বৈ আছা নদী হৈ ।
(২)
মোৰ বিদীৰ্ণ হিয়াত
তুমি চালেই দেখিবা
দুখৰ চেকুৰা ।
মগ্ন অনুভৱত
শব্দৰ আঁচলেৰে ঢকা
মোৰ বিষন্ন কবিতা ।
॥ ৰঞ্জুমণি মহন্ত ॥
(১)
তুমি গলাগৈ,
যিহেতু তুমি যাম বুলি
ভাবিয়েই আছিলা ।
এতিয়া মোৰ অনুভৱে অনুভৱে
বৈ আছা নদী হৈ ।
(২)
মোৰ বিদীৰ্ণ হিয়াত
তুমি চালেই দেখিবা
দুখৰ চেকুৰা ।
মগ্ন অনুভৱত
শব্দৰ আঁচলেৰে ঢকা
মোৰ বিষন্ন কবিতা ।