Type Here to Get Search Results !

॥ দুখৰ জয়গান ॥

0
॥ দুখৰ জয়গান ॥

দুৰ্বিসহ নহয়
মোৰ বাবে দুখ,
ই  মোৰ আজন্ম সহচৰ,
মোৰ প্ৰিয় সহোদৰ।

আঘাতৰ আঘোণত চপাওঁ
মুঠি মুঠি দুখৰ ডাঙৰী ,
জাপি জাপি সাঁচি থওঁ
বুকুৰ কুঠৰী।

চিন্তাৰ মৰণা মাৰি -----
পাৰ কৰো উজাগৰী ৰাতি,
জাৰি চালি সাঁচি থওঁ,
সোণ গুটি দুখ,
যত অনুভূতি ।

দুখ মোৰ চিৰ প্ৰিয়তম।
অমৃতময় ভাৱনাৰ
অনামী মাদকতাত
হেলাৰঙে পিব পাৰো
দুখ হলাহল।

Post a Comment

0 Comments