॥ দুটা স্তৱক ॥
Ranjumoni Mahanta
May 19, 2016
॥ দুটা স্তৱক ॥
✍॥ ৰঞ্জুমণি মহন্ত ॥
(১)
নাঙলৰ সীৰলুৰে
লিখি যোৱা পথাৰত
জীৱনৰ প্ৰিয়তম গান ।
ঘাম আৰু শোণিতেৰে
আঁকি যোৱা দুহাতেৰে
আশাভৰা সেউজ সপোন।
(২)
দেখো বুলিয়েই জানো
দেখিব পাৰি
বানপানীত বন্দী যাৰ সপোন।
সহজ জানো বান্ধি ৰখা
পানী গামোচাৰে ,
ভোকাতুৰ পেটৰ কান্দোন ।