Type Here to Get Search Results !

॥উপলব্ধি ॥

0

 ॥উপলব্ধি ॥

              ॥ ৰঞ্জুমণি মহন্ত ॥

যিদিনা তেওঁ
পাষাণ হৈ উঠিছিল
নৈখনে সিদিনা
উচুপিছিল ৷
নৈৰ উচুপনিত,
তেওঁৰ হৃদয় গলা নাছিল ।
পিছৰ ৰাতিবোৰত
উচুপনিৰ কোলাহলত
তেওঁ উজাগৰে আছিল ,
পলাব খুজিছিল,
কিন্তু উচুপনি বোৰে
তেওঁক খেদি ফুৰিছিল ।
আৰু এনেকৈয়ে
লাহে লাহে,
এদিন তেওঁ
নদীময় হৈ পৰিছিল ।

Post a Comment

0 Comments