Type Here to Get Search Results !

সাকোঁ

1
 ॥সাকোঁ॥

ফাগুনৰ এটি আবেলিত
এজোপা পলাশ গছৰ তলত
মই তোমাক লগ পাইছিলো।
ডালভৰা আৰু তলসৰা পলাশে
জুই ছটিয়াইছিল,
আৰু তাতে তুমি
আমনজিমনকৈ ৰৈ আছিলা ।

আমি কথা পাতিছিলো, আৰু কথা পাতিছিলো
আৰু তাৰ পিছত,
তুমি এপাহ জুই ৰঙী পলাশ
তুলি দিছিলা মোৰ দুহাতত
আৰু কৈছিলা
মোক ভাল পোৱাৰ কথা  ।

মই লৰ মাৰি পলাইছিলো
পলাশৰ জুইত জাহ যাওঁ বুলি ।
কিন্তু কি হব কোৱা ?
তোমাৰ সতে পতা কথাবোৰে 
এডাল সাকোঁ বান্ধিছিল
হৃদয়ৰ পৰা হৃদয়লৈ
আৰু সেই সাকোঁৱেদি
উজাই আহিছিল পলাশৰ জুই,
তোমাৰ পৰা মোলৈ ।

এতিয়া চোৱা,
কেনেদৰে ময়ো পাৰ কৰিছো
যন্ত্ৰণা কাতৰ
উজাগৰী ৰাতি
ঠিক তোমাৰ দৰেই ।

ৰঞ্জুমণি মহন্ত
07.02.2016

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.