Type Here to Get Search Results !

॥ সুখৰ ঠিকনা ॥

0
॥ সুখৰ ঠিকনা ॥

আন সকলো বিলাসিতাৰ দৰেই
ভাল লাগে মোৰ
দুখৰ বিলাস ।
প্ৰাপ্তি , পূৰ্ণতা, আৰু
প্ৰাচুৰ্য্যতাৰ মাজতো যে
বুকুত কঢ়িয়াই ফুৰিছো
সেউজীয়া দুখ ।
হে মোৰ উদভ্ৰান্ত প্ৰেমিক !
ব্যতিব্যস্ত নহবা তুমি !
কিদৰে বুজাম তোমাক ,
আশৈশৱ প্ৰতিপালিত
ৰিম্ ৰিম্ দুখতেই যে আছে
মোৰ সুখৰ ঠিকনা ।

ৰন্জুমনি মহন্ত
28.12.2015

Post a Comment

0 Comments