॥কবিতা ॥
তোমাৰ ক্ষয়িষ্ণু অনুভৱত
উদাস্তু হৈ পৰিছিল মোৰ হৃদয়
বিবৰ্ণ কলিজাত
ৰৌৰোৱাই জ্বলিছিল
বিষাদৰ জুই ।
তুমিহীনতাৰ বিষন্নতাত
যাপন কৰিছিলো
উজাগৰী ৰাতি আৰু
নিস্তেজ দিনবোৰ ।
অশ্ৰুপ্ৰৱাহত উটি গৈছিল
মোৰ স্বপ্নৰ ধ্বংসাৱশেষ।
তথাপিও তোমাৰ বাবেই
চাব মাৰি ধৰো
সোণ বৰণীয়া ৰ'দ,
কঢ়িয়াব খোজো
জোনাকৰ নৈ।
স্তুপীকৃত দুখত
সমাধিস্হ কৰি নিজক
পুনৰ জী উঠিব খোজো
এটা হেৰুৱা সপোন হৈ।
-------------- ৰঞ্জুমণি মহন্ত
20.03.2016