Type Here to Get Search Results !

॥ তোলৈ ॥

0
॥ তোলৈ ॥

আঃ, তই মোৰ
জিলমিলিয়া সপোন,
তোৰ আলফুল দুহাতত ,
বন্ধকত থওঁ,
মোৰ সুখৰ সংজ্ঞা ।
তোৰ সোনাৰুবুলিয়া
হাঁহিৰ ঢৌৱে,
খহাই দিয়ে
মোৰ দুখৰ সৌধ।
তোৰ জিলমিল দুচকুত
সিঁচি দিওঁ মোৰ
স্বপ্নৰ বীজ।
অ' মোৰ লহপহীয়া সপোন,
হুৰাই দিওঁ আহ
দুখৰ চৰাই,
সোণালী পথেদি
সোমাই আহক
সোণসেৰীয়া ৰ'দ
বুকু জুৰাই।

ৰন্জুমনি মহন্ত
18.12.2015


Post a Comment

0 Comments