Type Here to Get Search Results !

॥ঠিকনা॥

0
॥ঠিকনা॥

সেয়া বহু দিনৰ আগৰ কথা।
তুমি আৰু মই যে
ঘুৰি ফুৰিছিলো,
প্ৰেমৰ দিকচৌ বনত,
হাতে হাত ধৰাধৰিকৈ,

কথা আছিল ,
তুমি আকাশ হোৱাৰ
মই তৰা ,
তুমি নদী হোৱাৰ
মই পানী
সেইবোৰ এতিয়া সাধুকথা।

তাৰ পিছতেই ,
ঠিক তাৰ পিছতেই
তুমি পাহৰিছিলা মোৰ ঠিকনা,
আৰু মই হেৰুৱাইছিলো প্ৰেমৰ।

ৰক্তাক্ত কলিজাৰে,
উন্মাদৰ দৰে,
মই যেতিয়া বিচাৰি ফুৰিছিলো
হেৰুৱা ঠিকনা,
তুমি বিচাৰি  লৈছিলা নতুন ।

আৰু,
তেতিয়াৰে পৰাই,
ঠিক তেতিয়াৰে পৰাই মই,
হেৰুৱাই পেলালো,
মোৰ পৰাই মোক, নিজক।

ৰন্জুমনি মহন্ত
08.12.2015

Post a Comment

0 Comments